ব্রিটিছ ফিল্ম ইনষ্টিটিউটৰ পৰা সন্মানিত কৰিলে অসমৰ সন্তান আদিল হুছেইনক….
অসম সন্তান আদিল হুছেইন বলীউডৰ লগতে হলীউডতো অনন্য অভিনয়েৰে নিজৰ প্রতিভা উজলাই তুলিছে। এইবাৰ আদিল হুছেইনক সন্মান জনালে ব্রিটিছ ফিল্ম ইনষ্টিটিউতে৷ শক্তিশালী অভিনয়েৰে দর্শকৰ হ্ৰদয় জয় কৰা আদিল হুছেইনক আউটষ্টেণ্ডিং এছিভমেণ্ট বঁটাৰে সন্মানিত কৰা হৈছে৷ শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এই সন্মান লাভ কৰাৰ তথ্য টুইটযোগে প্রকাশ কৰিছে৷
উল্লেখ্য যে ব্রিটিছ ফিল্ম ইনষ্টিটিউট আৰু বার্গি ফাউণ্ডেচনৰ উদ্যোগত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২০২০ বর্ষৰ অনলাইন ফিল্ম ফেষ্টিভেলত অভিনেতা আদিল হুছেইনক তেওঁক বিৰল অভিনয়ৰ বাবে এই সন্মানেৰে সন্মানিত কৰা হৈছে৷
আনহাতে দীপা মেহতা আৰু শ্বাবনা আজমী, আদিল হুছেইনৰ লগতে এই ফিল্ম ফেষ্টিভেলত আইকন এছিভমেণ্ট এৱার্ডেৰে সন্মানিত হয় ৷ ইফালে ফিল্ম ফেষ্টিভেলত ফ্রিডা পিণ্টো আৰু অভিনেত্ৰী বিদ্যা বালনকো আউটষ্টেণ্ডিং এছিভমেণ্ট বঁটাৰে সন্মানিত কৰা হৈছে৷