ৰাজভৱনৰ ৭০গৰাকী লোক কভিড-১৯ত আক্ৰান্ত…
ৰাজ্যত ভয়াৱহ ৰূপত সংক্ৰমণ ক’ৰোনা ভাইৰাছৰ বাঢ়ি গৈ আছে। ৰাজভৱনৰ লোককো এৰা নাই ক’ৰোনা ভাইৰাছে।
যোৱা ৪জুলাইতে ৰাজভৱনক প্ৰশাসনে কনন্টেইনমেন্ট জ’ন হিছাবে ঘোষণা কৰে। ইয়াৰ পাছতো ৰাজভৱনত ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিব পৰা নাই।
প্ৰথমে ৰাজভৱনৰ দুজন কৰ্মচাৰীৰ দেহত ধৰা পৰা ক’ৰোনা ভাইৰাচ। দেওবাৰৰ দিনটোত ৰাজভৱনৰ ২৪ গৰাকী লোকৰ দেহত ক’ৰোনা ধৰা পৰে। ইয়াৰ লগে লগে ৰাজভৱনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৭০ গৰাকীলৈ বৃদ্ধি পাইছে।