মাত্ৰ ৭ মিনিটতে পাৰ হ’ব পাৰিব মহাবাহু ব্ৰহ্মপুত্ৰ, এইবাৰ জাহাজ বা দলঙেৰে নহয়!

 

মাত্ৰ ৭ মিনিটতে পাৰ হ’ব পাৰিব মহাবাহু ব্ৰহ্মপুত্ৰ, এইবাৰ জাহাজ বা দলঙেৰে নহয়!

কোৰোনা ভাইৰাছৰ আত্ংক চলি থকাৰ মাজতে গুৱাহাটীবাসীৰ বাবে সুখবৰ । ১০০ শতাংশ সম্পূৰ্ণ হয় উথিছে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী লৈ সংযোগী ৰ’প ৱেৰ নিৰ্মাণ কাৰ্য । কিছুদিনৰ ভিতৰতে ভাল দিন-বাৰ চাই মুকলি কৰা হ’ৱ নদীৰ ওপৰত নিৰ্মাণ কৰা দেশৰ আটাইতকৈ দীঘল ৰ’প ৱে’টো ।

অসমত বাৰিষাৰ বাঢ়নী পানীৰ বাবে কামৰূপ জিলা (মহানগৰ) প্ৰশাসনে বন্ধ কৰা ফেৰী সেৱাৰ বিকল্প হিচাপে ৰ’পৱে মুকলি কৰাৰ দাবী জনায় উত্তৰ গুৱাহাটী বাসীয়ে । শুভ উদ্বোধনৰ পূৰ্বে এম ডি এৰ উচ্চ পৰ্যায়ৰ বিষয়া অভিযন্তাই পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ৫৬ কোটি ব্যয়সাপেক্ষে এই ৰ’পৱেৰ নিৰ্মাণ কাৰ্য ।

জি এম ডি এয়ে উত্তৰ গুৱাহাটীত উপস্থিত হৈ ঘোষণা কৰে যে, ‘সমীৰ দামোদৰ ৰ’প ৱে” নামৰ কোম্পেনীটোৱে অহা এবছৰৰ বাবে ৰ’প ৱেৰ দুটাকৈ কেবিন চলাবলৈ ঠিকা লাভ কৰিছে ।

ইফালে , ৰ’প ৱেৰ বাবে চৰকাৰে এইবছৰ জি এম ডি এ ক প্ৰদান কৰিছে ৪ কোটি ৭৫ লাখ টকা । গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱেৰ সুৰক্ষাৰ বাবে স্থাপন কৰা হৈছে ৫৮ টা চিচি কেমেৰা । প্ৰাই ৬০-৬৫ জন লোকে কাম কৰিব এই ৰ’প ৱে’ত । প্ৰাপ্ত খবৰ অনুসৰি, ৭ ৰ পৰা ৮ মিনিটৰ ভিতৰতএই ৰপ ৱে’ৰ জৰিয়তে পাৰ হব পাৰিব যাত্ৰী।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *