মুঠ ৩৫ গৰাকী কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত বৰপেটা থানা আৰু ৰাজহচক্ৰ কাৰ্যালয়ৰ …

মুঠ ৩৫ গৰাকী কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত বৰপেটা থানা আৰু ৰাজহচক্ৰ কাৰ্যালয়ৰ …

সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ পাঠশালাত ক’ৰোনাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আজি পুৱাৰ ভাগতে বৰপেটা জিলাৰ বৰনগৰ আৰু বৰপেটা ৰাজহচক্ৰৰ ৭জন কৰ্মচাৰী, বৰপেটা ৰোড আৰক্ষী থানাৰ ৪জনকে ধৰি ৩৫জনৰ ক’ৰোনা পজিটিভ ধৰা পৰাত একপ্ৰকাৰ আতংকৰ সৃষ্টি হয়। আক্ৰান্ত ৩৫জন লোকৰ ভিতৰত আক্ৰান্ত অধিক লোক কোৱাৰেন্টাইন চেন্টাৰত আছিল।

ইফালে জিলাখনত ক’ৰোনা ৰোগী চিকিৎসাৰ বাবে বৰপেটা অসামৰিক চিকিৎসালয়ৰ উপৰি কলগাছিয়া চিকিৎসালয়খন ব্যৱহাৰ কৰা হৈছিল যদিও চিৰাং, বঙাইগাঁৱৰ আদি জিলাৰ পৰা বৰপেটা চিঃ মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে অনাৰ পৰিপ্ৰেক্ষিতত দ্ৰুতগতিত বৃদ্ধি পোৱা কোৰোনা ৰোগীসকলৰ চিকিৎসাৰ বাবে ঠাইৰ নাটনি হোৱাৰো সম্ভাৱনাই দেখা দিছে।

আজি আক্ৰান্ত লোকসকলক বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু কলগাছিয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছে। স্বাস্থ্য বিভাগে  আগন্তুক সময়ত ক’ৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পালে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে। এই আক্ৰান্ত সকলৰ মাজত বিডিঅ অফিচৰ এগৰাকী কৰ্মচাৰী আছে বুলিও জানিব পৰা গৈছে।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *