এইবাৰ চোৰাং ব্যৱসায়ীৰ আক্ৰমণ বাংলাদেশ সীমান্তত বিএছএফৰ ওপৰত, আহত ৩ জন…

এইবাৰ চোৰাং ব্যৱসায়ীৰ আক্ৰমণ বাংলাদেশ সীমান্তত বিএছএফৰ ওপৰত, আহত ৩ জন…

আক্ৰমণ বিএছএফ জোৱানক। পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশী চোৰাং ব্যৱসায়ী বিএছএফ জোৱানৰ ওপৰত আক্ৰমন চলাই। এই আক্ৰমণত ৩ জন বিএছএফ জোৱান আহত হৈছে বুলি জনা গৈছে। ২৪ উত্তৰ পাৰগানাজ জিলাত এই ঘটনা সংঘটিত হৈছে। চোৰাং ব্যৱসায়ীৰ দলটোত প্ৰায় ১০-১২ জন লোক আছিল।

চোৰাংব্যৱসায়ী কেইটাই বাহঁৰ লাঠি আৰু দাৰে বিএছএফ জোৱানক আক্ৰমণ কৰে। ইফালে নিজকে ৰক্ষা কৰাৰ বাবে বিএছএফ জোৱানসকলেও গুলীচালনা কৰে। ইয়াৰ ফলত এজন চোৰাং ব্যৱসায়ী আহত হৈছে। উল্লেখ্য যে, ঘটনাস্থলীৰ পৰা ৮ কিলো ওজনৰ গাঞ্জাৰ পেকেট জব্দ কৰা হৈছে।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *