---Advertisement---

দুই সন্ত্ৰাসবাদী নিধন, জম্মু কাশ্মীৰৰ কুপৱাৰাত সংঘটিত এই ঘটনা

By Nabarun Kumar Dutta

Published On:

দুই সন্ত্ৰাসবাদী নিধন, জম্মু কাশ্মীৰৰ কুপৱাৰাত সংঘটিত এই ঘটনা
---Advertisement---

দুই সন্ত্ৰাসবাদী নিধন, জম্মু কাশ্মীৰৰ কুপৱাৰাত সংঘটিত এই ঘটনা

অব্যাহত আছে জম্মু কাশ্মীৰত উগ্ৰবাদীৰ সন্ত্ৰাস। শেহতীয়াকৈ জম্মু কাশ্মীৰৰ কুপৱাৰাত দুটাকৈ দুধৰ্ষ সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ হাতত নিহত হৈছে। সেনাৰ সুত্ৰত প্ৰকাশ পোৱা অনুসৰি উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ হেণ্ডৱাৰাৰ নাওগাম চেক্টৰত উগ্ৰপন্থীৰ ঘাটি থকা বুলি উল্লেখ কৰিছিল ভাৰতীয় সেনা চোৰাংচোৱাই।

শনিবাৰে পুৱতি নিশা চোৰাংচোৱাৰ খবৰৰ পাছতেই ভাৰতীয় সেনাই উগ্ৰপন্থীৰ ঘাটিটোত আক্ৰমণ চলাই। ভাৰতীয় সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় দুটা দুধৰ্ষ সন্ত্ৰাসবাদী। লগতে ভাৰতীয় সেনাই উদ্ধাৰ কৰে এটা এ.কে-৪৭ ৰাইফলৰ লগতে চীনত নীৰ্মিত বহু বিস্ফোৰক সামগ্ৰী। বৰ্তমান উগ্ৰপন্থীৰ সন্ধানত অঞ্চলটোত ভাৰতীয় সেনাই অভিযান অব্যাহত ৰাখিছে ।

 

Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.comYou can talk to me My email id duttaodin@gmail.com

---Advertisement---

Leave a Comment