সোমবা্ৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণ ল’ক ডাউন। অহা ১৪ দিনলৈ গুৱাহাটীত সম্পূৰ্ণ ল’কডাউন ঘোষনা। এই ল’কডাউনৰ সময়ত কোনো ধৰনৰ দোকান খোলা নাথাকিব। ক্ৰমাৎ জতিল হৈ পৰিছে গুৱাহাটীত আক্ৰান্ত লোকৰ সংখ্যা। প্ৰতিদিনে গুৱাহাটীত আক্ৰান্ত হৈছে শতাধিক ট্ৰেভেল হিষ্ট্ৰী নথকা লোকৰ সংখ্যা ইয়াৰ পৰিপেক্ষিততে ল’ক ডাউন ঘোষণা কৰা হৈছে। জুলাইৰ ১২ তাৰিখলৈ অব্যাহত থাকিব ল’ক ডাউন।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় যে, ‘ৰাজ্যৰ বেছি সংখ্যক কেচ গুৱাহাটী মহানগৰীৰ পৰাই আহিছে। বৃহস্পতিবাৰৰ প্ৰায় ৪৮ শতাংশ কোৰোণা কেচ কেৱল গুৱাহাটী মহানগৰৰ পৰাই আহিছে। গুৱাহাটীত ১০,৬১৭ জন লোকৰ কোৰোণা পৰীক্ষা এতিয়ালৈকে সম্পন্ন হৈছে। ১৫ জুনৰ পজিটিভ কেচ পোৱা গৈছে ৭০২। ইয়াৰে ভিতৰত ৬৭৭ কেচ কেৱল গুৱাহাটীৰ পৰাই পোৱা গৈছে। ইয়াৰে অধিকাংশৰ নাই ট্ৰেভেল হিষ্ট্ৰী। কিন্তু পৰিতাপৰ কথা যে,গুৱাহাটীৰ ১০ শতাংশ লোকেও মাস্ক পৰিধান কৰা নাই, সামাজিক দূৰত্ব পালন কৰা কৰা নাই।’
[jnews_block_11 first_title=”Read English” header_type=”heading_1″ header_background=”#dd3333″ include_post=”6090″]