চানমাৰীত ফ্লেটত অধিবক্তাৰ গুলীচালনা, এজন লোক আহত…
মহানগৰীৰ চানমাৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ চানমাৰীৰ আশীৰ্বাদ এপাৰ্টমেন্টত। এজন অধিবক্তাই জন্মদিনৰ অনুষ্ঠানত কৰিছিল এই গুলীচালনা। এই গুলীচালনাত আহত লোকজনৰ নাম হৈছে মিন্টু হাজৰিকা।
ইতিমধ্যে জিএনআৰচি হাস্পতালত আহত মিন্টু হাজৰিকাক ভৰ্তি কৰা হৈছে। উল্লেখ্য যে, গুলীচালনাৰ ঘটনা সংঘটিত হোৱা ফ্লেটতো দামোদৰ ডেকা নামৰ ব্যক্তি এজনৰ। আনহতে মাধৱ শইকীয়া নামৰ এজন ব্যৱসায়ীৰ গুলীচালনা কৰা পিষ্টলটো আছিল। জানিব পৰা মতে, গুলীচালনা কৰা অধিবক্তা গৰাকী হৈছে কিৰণ বনিয়া।
[jnews_block_2 ]