চলন্ত বাছত অগ্নিসংযোগৰ ফলত মৃত্যু এজন লোকৰ…
উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত দেওবাৰে পুৱা ভয়ংকৰ অগ্নিকাণ্ড। এখন চলন্ত বাছত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। জানিব পোৱা মতে পথৰ কাষত ডিভাইদাৰত খুন্দা খোৱাৰ ফলত বাহন খনত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ। এই অগ্নিকাণ্ডত এগৰাকী লোকৰ মৃত্যু হৈছে বুলি সুত্ৰৰ পৰা জানিব পৰা গৈছে। লগতে বাহন খনত থকা ২গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হ’য়। আৰক্ষীয়ে সদৰি কৰা মতে, বাছখনত মূঠ ৭২গৰাকী যাত্ৰী আছিল। তিনিজন লোকক বা দি বাকী সকলো লোক বৰ্তমান সুস্থ বুলি সদৰি কৰিছে প্ৰশাসনে।
[jnews_block_2 ]