ৰাজ্যত বানৰ কবলত পৰি প্ৰাণ হেৰুৱালে ১০২জন লোকে
ক’ৰোনাৰ লগতে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যত। অসমৰ ২৩খন জিলাৰ ২৪লাখ ৭৬হাজাৰ ৪৩১গৰাকী লোক বৰ্তমান বানপানীৰ কৱলত। শেহতীয়াকৈ ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে এই তথ্য জাৰি কৰিছে।
জানিব পোৱা মতে, বন্যাৰ্তক সহায়ৰ বাবে ৰাজ্য চৰকাৰে ৪৫৭টা ৰিলিফ কেম্পৰো ব্যৱস্থা কৰিছে। ইফালে বানৰ ফলত অধিকাংশ অংশ পানীৰ তলতে থকা কাজিৰঙাতো এক অসহনীয় পৰিৱেশ বিৰাজ কৰিছে। এইবাৰৰ বানৰ বাবে কাজিৰঙাত ১৪টা গড়ে মৃত্যুক আকোৱালি লব লগা হৈছে। উল্লেখ্য যে, এইবাৰৰ বানত অসমত ১০২গৰাকী লোকে বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে।