২৪ ঘণ্টাত ৩২জন লোক ক’ৰোনাত আক্ৰান্ত, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত
ৰাজ্যত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ লৈছে ক’ৰোনাই। ২৪ঘণ্টাৰ ভিতৰত বৰপেটা মেডিকেল কলেজ হাস্পতালতো আক্ৰান্ত হৈছে দুজন কনিষ্ঠ চিকিৎসকসহ ৪জনকৈ লোক। আনহাতে তেজপুৰ মেডিকেল কলেজ হাস্পতালত আক্ৰান্ত হৈছে ২৩জনকৈ লোক।
তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ ২৯গৰাকী চিকিৎসা সেৱাৰ লগত জড়িত লোক আক্ৰান্ত হৈছে ক’ৰোনাত। জানিব পৰা মতে তেজপুৰ মেডিকেল কলেজ হাস্পতালত পেথ’লজি বিভাগৰ এজন চিকিৎসকো আক্ৰান্ত হৈছে ক’ৰোনাত। শোণিতপুৰ জিলাতো ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ৰোনাই। জিলাখনত ভ্ৰমণবৃত্তান্ত নথকা বহু কেইজন লোক আক্ৰান্ত হৈছে। সামাজিক সংক্ৰমণৰ দিশে গতি কৰিছে জিলাখনত। আৰক্ষীৰ লোক, পেট্ৰ’ল পাম্পত কৰ্মৰত লোক, সেনা-জোৱানকে ধৰি বহু লোক আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাচত।