“পূৰ্বত কৈ কঠোৰ হ’ব আৰক্ষী”- মহানগৰ আৰক্ষী আয়ুক্ত:

“পূৰ্বত কৈ কঠোৰ হ’ব আৰক্ষী”- মহানগৰ আৰক্ষী আয়ুক্ত:

অসমত ক’ৰোনাৰ আতংক কাল ৰূপ ধাৰণ কৰিছে। মহানগৰী গুৱহাটীত সামজিক সংক্ৰমন হোৱা বাবে পুনৰ লকডাউন ঘোষণা কৰা হ’ল মহানগৰীত। দেওবাৰৰ নিশাৰ পৰা হ’বলগীয়া এই লকডাউন পূৰ্বৰ লকডাউনতকৈ হ’ব কঠোৰ। আজি এনএইচএম কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে গুৱাহাটী মহানগৰীত ১৪ দিনীয়া লকডাউনৰ কথা ঘোষণা হোৱাৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই এক সংবাদমেলৰ আয়োজন কৰে ।

মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে  সংবাদ মেলত কয়- “দেওবাৰে নিশাৰ পৰা বলবৎ হ’বলগীয়া লকডাউনত পূৰ্বৰ লকডাউনত কৈ কঠোৰ হ’ব আৰক্ষী । মই সমূহ মহানগৰবাসীক আহ্বান জনাইছো যাতে ৰাইজসকলে নিজৰ ঘৰতে থাকে । যদি কোনোৱে লকডাউনত আইন অমান্য কৰে তেন্তে আমি আইনগত ভাৱে কঠোৰ ব্যৱস্থা লম ।”

আনহাতে যিসকল ব্যৱসায়ীয়ে লকডাউনৰ এই ১৪ দিনত আইনৰ কথা নমনি আইন বিৰোধীভাৱে দোকান-পোহাৰ খুলিব, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলি যনায় মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। লগতে আইন উলংঘা কৰা ব্যক্তিক প্ৰয়োজনত গ্ৰেপ্তাৰ কৰা হ’ব বুলি ও জানিব দিয়ে আয়ুক্ত বিষয়া গৰাকী।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *