News
কোৰোনাত আক্ৰান্ত ব্যক্তিৰ পৰিয়ালৰ লোকে বজাৰ কৰি ফুৰিছে হাতীগড়ত…

কোৰোনাত আক্ৰান্ত ব্যক্তিৰ পৰিয়ালৰ লোকে বজাৰ কৰি ফুৰিছে হাতীগড়ত…
সমগ্ৰ ৰাজ্যত ক’ৰনাৰ আটংক অছে অব্যাহত। গুৱাহাটী মহানগৰৰ হাতীগড়ত জনসাধাৰণৰ মাজত উত্তেজনা।
২৩ তাৰিখ মঙলবাৰৰ নিশা হাতীগড়ৰ সমীপৱৰ্তী ১নং বাইলেনত এজন ব্যক্তিৰ দেহত কোভিড-১৯ ধৰা পৰিছিল । ব্যক্তিগৰাকীক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ।
ব্যক্তিগৰাকীৰ ঘৰৰ সমীপত কোৱাৰেন্টাইন প্ৰটকল অনুসৰি হব লাগে কনন্টেইনমেন্ট জ’ন।
কিন্তু বুধবাৰৰ পুৱা বজাৰ কৰিবলৈ এই ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোক ওলাই আহিছিল হাতীগড় চাৰিআলিত।
স্থানীয়লোকে প্ৰত্যক্ষ কৰি তেওঁক ঘূৰাই পঠাই ঘৰলৈ।
গীতানগৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বুলি হাতীগড় স্থানীয় লোকে অভিযোগ তুলিছে ।
এগৰাকী লোক কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতো পৰিয়ালৰ লোক বাহিৰত কোনো বাধা নহোৱাকে ঘূৰি ফুৰিছে ।
স্থানীয়লোকে এই বুলি দাবী জনাই যে অতি সোনকালে এই ক্ষত্ৰত ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ ।
একাংশ সচেতন নাগৰিকে মন্তব্য কৰে যে, গণ সংক্ৰমণৰ ৰূপ লোৱাৰ পাছতো গাত কথা লগা নাই এইসকল ব্যক্তিৰ।
লগতে এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা নল’লে ৰাইজেই ব্যৱস্থাগ্ৰহণ কৰিব বুলি জনাইছে একাংশ ৰাইজে।
You must be logged in to post a comment Login