News
ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ দেহত ক’ৰোনা ভাইৰাছ।

ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ দেহত ক’ৰোনা ভাইৰাছ
ৰাজ্যত অব্যহত ক’ৰোনাৰ আতংক। এই বাৰ ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।
অসমত এতিয়া ক’ৰোনা মহামাৰী গণ সংক্ৰমনৰ ৰূপ লোৱা দেখা গৈছে। ক’ৰোনা যুদ্ধত নিজৰ কৰ্তব্য পালন কৰি থকা সময়ত আক্ৰান্ত হৈছে প্ৰকাশ ৰঞ্জন ঘৰফলীয়া।
উল্লেখ যোগ্য যে, ৰাজ্যত প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰশাসনিক বিষয়া কোৰোনাত আক্ৰান্ত হৈছে।
হোম কোৱাৰেণ্টাইনত ৰখা হৈছে উপায়ুক্তগৰাকীক।
You must be logged in to post a comment Login