এইবাৰ আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নিৰাপত্তাৰক্ষী ক’ৰোনাত আক্রান্ত…
অসমত কালক্ৰমত বঢ়ি গৈ অছে ক’ৰোনাৰ সন্ত্ৰাস। ৰাজ্যত গুৱাহাটীৰ লগতে আন আন ঠাইত ক’ৰোনাৰ গণ’ সংক্ৰমনে দেখা দিছে। ক’ৰোনাৰ সৈতে যুঁজ অব্যাহত ৰাখিছে ৰাজ্যৰ চিকিৎসা বিভাগৰ লগতে আৰক্ষী প্ৰশাসনে।
উল্লেখ্য যে বৰ্তমান সময়ত ৰাজ্যত কেইবাজনো চিকিৎসকৰ লগতে আৰক্ষীৰ দেহত ক’ৰোনা মহামাৰীৰ অবস্থিতি ধৰা পৰিছে।
দেওবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নিৰাপত্তাৰক্ষীৰ দেহত ক’ৰোনা ভাইৰচৰ অবস্থিতি দেখা গৈছে।
নিৰাপত্তাৰক্ষীজনৰ নাম হৈছে স্বপন ব্রহ্ম। মহানগৰীৰ প্রাগজ্যোতিষ হাউছিং কমপ্লেক্সত বাস কৰে স্বপন ব্রহ্মই।
Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]