আফ্রিকা কাপ অৱ নেচনছ ফুটবল স্থগিত কৰা হ’ল
ক’ৰোনা মহামাৰী গোতেই বিশ্বত সংহাৰী ৰূপ লৈ আতংক অব্যাহত ৰাখিছে। অহাবর্ষৰ জানুৱাৰী–ফেব্রুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা অছিল আফ্রিকা কাপ অৱ নেচনছ ফুটবল প্রতিযোগিতা।
উল্লেখ্য যে হ’বলগীয়া আফ্রিকা কাপ অৱ নেচনছ ফুটবল প্রতিযোগিতা ক’ৰোনা মহামাৰীৰ ফলত স্থগিত হোৱাৰ পূর্ণ সম্ভাৱনা সৃষ্টি হৈছে৷ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণ বিশ্বৰ বিভিন্ন প্রান্তত অব্যাহত থকাৰ প্রতি লক্ষ্য ৰাখি কনফেডাৰেচন অৱ আফ্রিকান ফুটবলে প্রতিযোগিতাখন পিছুৱাই দিয়াৰ পৰিকল্পনা গ্রহণ কৰিছে৷
অহা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া এক গুৰুত্বপূর্ণ বৈঠকত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা হ’ব৷ উল্লেখ্য যে কেমেৰুনত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখন ৯ জানুৱাৰীত আৰম্ভ হৈ ৬ ফেব্রুৱাৰীত শেষ হোৱাৰ কথা আছিল৷ সম্প্রতি মহামাৰীৰ বাবে বিশ্বৰ অধিকাংশ ক্রীড়া প্রতিযোগিতা স্তব্ধ হৈ আছে৷