Connect with us

Assamese News

আণৱিক জীৱ বিজ্ঞান পৰীক্ষাগাৰ মুকলি কৰা হ’ল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত…

Published

on

আণৱিক জীৱ বিজ্ঞান পৰীক্ষাগাৰ মুকলি কৰা হ’ল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত…

আণৱিক জীৱ বিজ্ঞান পৰীক্ষাগাৰ মুকলি কৰা হ’ল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত…

ৰাজ্যৰ ক’ৰোনা আৰু বানৰ তাণ্ডৱৰ মাজতে আহিছে ৰাজ্যবাসিলৈ এটা ভাল খবৰ। জি এম চিৰ ৰ কেন্সাৰ হাস্পতালত মুকলি হ’ল আণৱিক জীৱ বিজ্ঞান পৰীক্ষাগাৰ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই পৰিক্ষাগাৰ।

ইয়াৰ লগতে একেলগে কোভিড-১৯ৰ স্বাৱ পৰীক্ষাৰ নতুন পৰীক্ষাগাৰো মুকলি কৰা হ’ল।

বি বৰুৱা কেন্সাৰ প্রতিষ্ঠানতো ১৪ সংখ্যক লেব মুকলি কৰি দিয়া হৈছে। কেন্সাৰ ৰোগীসকলৰ বাবে এই লেব সুবিধাজনক হ’ব।

এই লেবটো পৰিচালনা কৰিব বি বৰুৱা কৰ্কট প্রতিষ্ঠানে। এই লেবত কেন্সাৰ ৰোগীসকলক ক’ভিড টেষ্ট কৰিব পৰা যাব। ৰিপৰ্ট নিগেটিভ হ’লে বি বৰুৱাত কৰা হ’ব চিকিৎসাৰ ব্যৱস্থা। আনহাতে পজিটিভ হ’লে ক’ভিড ৱাৰ্ডত চিকিৎসা কৰা হ’ব।

উল্লেখ্য যে, দৈনিক ৪৫০ৰ পৰা ৫০০ টেষ্ট  এই লেবত কৰিব পৰা যাব। প্ৰথমে টেষ্ট কৰিব পৰা যাব ১০০ৰ পৰা ১৫০টা ।

 

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending