অসমত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য…
বিগত কিছুদিন ধৰি অসমত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য। যাৰ ফলত অশান্ত হৈ পৰিছে ভুক্তভূগী জনতা।
শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। পেট্ৰলৰ প্ৰটি লিটাৰত ৫৯ পইচা কৈ বৃদ্ধি হয়। আনহাতে ডিজেল প্ৰটি লিটাৰত ৫৬ পইচা বৃদ্ধি পাইছে।
যাৰ ফলত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম শনিবাৰে গুৱাহাটীত ৮৪.৯৪ টকা। ঠিক তেনেদৰে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৯.৪৪ টকা হ’য়।
ইফালে দিল্লীতো পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখা যায়। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ২৫ পইচা। আনহাতে ডিজেল প্ৰতিলিটাৰত বৃদ্ধি পালে ২১ পইচা।
যাৰ ফলত দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হয় ৮০.৩৮ টকা। আনহতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৮০.৪০ টকালৈ বৃদ্ধী হয়।
Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]